Skip to main content

জীৱনৰ আশাবোৰ ।। অসমীয়া কবিতা ।। Assamese poem ।। Manash_hb

"জীৱনৰ আশাবোৰ"


জীৱনৰ আশাবোৰ
হেৰাই যোৱাৰ পথত
স্মৃতিৰ ৰেল গাড়ী বোৰে
খুন্দিয়াই যায় মাজে মাজে,,,,

নিমিসতে চাৰখাৰ হয়
সপোন বোৰ,,,,

ধংস স্তূপৰ মাজত
বিচাৰো মোৰ সপোন বোৰক,,,,
আকাশে বতাহে
বিয়পি পৰে
সিহতৰ আৰ্তনাদ,,,,,

হাকুতিয়াই হাকুতিয়াই
বুটলো সিহতক,,,,
সাবটি লও দুবাহুৰ মাজত,,,
নিচুকণি গীত যোৰো
সিহতৰ বাবে প্ৰায়ে,,,
আৰু সিহত শান্ত হয়,,,,
আকৌ ৰচিবলৈ লয়
নতুন সপোন,,,,নতুন কবিতা,,,

কিন্তু আজি সেই গীতবোৰো
মৌন,,,,,

আজি আকৌ চিৎকাৰ কৰি উঠিছে
হৃদয়ে,,,,,
গীত যুৰিবলৈ অসমৰ্থ
মোৰ হৃদয়,,,,,
নিথৰ আজি মোৰ কলমটোও,,,,,
অপমৃতুৎ হৈছে তাৰ,,,,,
ব্যাৰ্থ হৈছে শব্দবোৰো,,,,

তুমি নাই নহয়
সেইবাবেই,,,,,,

এতিয়া কি কৰো কোৱা???
আত্মহত্যা,,,,,,???
নাই
ইমান দুৰ্বল মানুহ মই নহয়,,,,,
নিসংগতাৰ সতে খেলা
স্বভাৱ মোৰ পুৰণি

তথাপিও কান্দো
মাজে মাজে,,,,
তুমি নাই নহয় সেইবাবেই,,,,

স্মৃতিৰ মোহনাত
সপোনৰ সতে মিলি
এবাৰ কোৱানা,,,,
নাকান্দিবা,,,,,
মই আছো সদায়
তোমাৰ স'তে,,,,,,,,!!!

Assamese poem || axomiya kobita || Manash hb
MANASH HB

Comments

Post a Comment

Popular posts from this blog

প্ৰথম প্ৰেমৰ কথাৰে ।। অসমীয়া কবিতা ।। Assamese poem ।। Manash hb

 "প্ৰথম প্ৰেমৰ কথাৰে" কবিতা মই ভাল নাপাইছিলো। লিখিবলৈও, আনকি পঢ়িবলেও।। স্কুলৰ দিনত কবিতা আছিল , মাথো বিৰক্তিকৰ। কিন্তু এদিন প্ৰেমত পৰিলো কবিতাৰ। প্ৰথমে সুখৰ, তাৰপাছত জীৱনৰ, আৰু লাহে লাহে প্ৰেমত পৰিলো নিঃসঙ্গতাৰ।। ভৱা নাছিলো চাল্লা, মইও এদিন কবিতা লিখিম। শান্তিপুৰৰ অশান্ত পথৰ দাঁতিত বহিম বুলি ভৱা নাছিলো বন্ধুত্বৰ ফিটিং পাৰ্টিত। মাথো,হাতত এটা হুইস্কী বটল লৈ চিঞৰি উঠিছিলো, চিয়েৰচ্,চিয়েৰচ্,চিয়েৰচ্...!! সময় সলনি হৈ যায়, নুবুজে সময়ে কাৰোৰে মনৰ ভাষা। কিমান ক'লো ,"দুভাগ কৰিব নিবিচাৰিবা, দুখন হৃদয়, দুটা মন, আৰু এক সঁচা প্ৰেমক।" কিন্তু কোনে বুজিব, আজি এই নিঃসঙ্গ শৰীৰটোক সঙ্গ দিব লগা হয়, দুটামান ৰজনীগন্ধাৰ টুকুৰাই।। কৈছোৱে চাগে আগতেও বহুবাৰ, মোৰ প্ৰথম প্ৰেম আছিল তেঁও। তেঁওৰ নামতে লিখিছিলো জীৱনৰ আদিপাঠ। প্ৰথম প্ৰেমৰ সেই স্বৰ্গীয় অনুভূতিত মই হৈ পৰিছিলো উন্মাদ।। তেঁওৰ প্ৰেমত পৰিয়েই জীৱনত প্ৰথমবাৰ কবিতা লিখিছিলো। তেঁওক ভালপোৱাৰ পাছতে ভালপাব শিকিলো নিজক, আতৰাব পাৰিলো জীৱনৰ কিছু মেতেকা নিজ দুহাতেৰে।। তেঁও প্ৰেমৰ সাগৰত ডুবি , লিখিবলৈও শিকিলো জ...

তোমালৈ বুলি || Manashhb

★তোমালৈ বুলি তুমি মানেই ----------------------- পাহৰিব নোৱাৰা এফাকি কবিতা তুমি মানেই এটি কাহিনী।। ঐ চশমা পিন্ধা ছোৱালীজনী তুমি কোন মই নাজানিছিলোঁ অচিন দেশৰ পখিলা আছিলা তুমি, কেনেকৈ মোৰ হৃদয়ৰ মাজত সোমালা তাকো নাজানোঁ, তোমাৰ সেই চকুৰ চাৱনি সেই মিছিকিয়া হাঁহিটি সচাই ও বেয়াকৈ প্ৰেমত পৰি গৈছোঁ। কিন্তু তোমাক দেখাৰ পৰা এনে লাগিছে যেন..... আৰে, কি কৈ আছোঁ এইবোৰ..... পঢ়িব পৰা হ'লে তোমাৰ দুচকুৰ ভাষা.. ক'ম ক'ম বুলি ভবা কথাবোৰ.. জানো ৰৈ গ'লহেতেন? MANASH HB