Skip to main content

Posts

Showing posts from November, 2018

মোৰ মনে তাইক বিছাৰে ।। Assamese poem || Manash hb || axomiya kobita

"মোৰ মনে তাইক বিছাৰে" মোৰ মনে তাইক বিছাৰে কিন্তু তাই চাগে তোক বিছাৰে.... ঐ শুন কলিজাৰ টুকুৰা হয় তাই মোৰ সজতনে ৰাখিবি তাইক কান্দিব নিদিবি দুখ নিদিবি তাইক কেতিয়াও মনত বহুত হেপাহ আছিল জান'????? তাইক নিজৰ কৰিবলে কিন্তু তাইৰ মনতো চাগে হেপাহ আছে তোক পাবলে.......!!! সেয়েহে ভৰিৰে গছকি–মোহাৰি নিজৰ হেপাহ বোৰক তুলি দিছো তাইক তোৰ হাতত ঐ বন্ধু ক' সজতনে ৰাখিবি নে তাইক???? তাই ফোন কৰিছিল জান'???? তাইৰ প্ৰতিতো শব্দৰ মাজত বিলীন কৰি দিছিলো নিজকে আজি তাইৰ কথাত ৰহস্য লুকাই আছিল এনে লাগিছিল যে??? তাই তোকেই বিছাৰে মনে–প্ৰাণে!!!!! মোৰ কলিজাৰ টুকুৰাটিক....!! ভাঙিব নিদিবি বন্ধু সজতনে ৰাখিবি তাইক...!! দুখ নিদিবি কান্দিব নিদিবি...!! আৰু ইমান মৰম দিবি যাতে...!! মোৰ অকণ কথাও মনত নাথাকে তাইৰ তহত দুটা সুখী হ....!!! MANASH HB

গাৱঁলীয়া লৰা মই ।। Assamese poem ।। Manash_hb || axomiya kobita

"গাৱলীয়া ল'ৰা মই" গাৱলীয়া ল'ৰা মই নুবুজু চহৰৰ জটিলতা নাজানো চহৰৰ সভ্যতা কলিজাটি কোমল আছিল,,, নাছিল কংক্ৰিতৰ আৱৰন,,, তুমি আহিছিলা কলিজাত সাজ পিন্ধি কোমলতাৰ,,,, ৰঙীন হৃদয়েৰে আদৰিলো তোমাক সহজ সৰল ল'ৰা বাবে নিচিনিলো তোমাৰ সাজৰ আৰৰ ৰূপটো,,, নিচিনিলো তোমাৰ মুখাৰ আৰৰ মুখখন,,, তুমিযে মায়াবি আছিলা,,, চহৰৰ কংক্ৰিতেৰে আৱৰা,,, কঠিন কলিজাৰ গৰাকী,,, বুজাটো নাছিলো মই,,,, ভিক্ষাৰী মই,,, মৰমৰ ঘৰটোৰো চালখন ফুটা,,,, সেয়ে,,,, জোনাকৰ বৰষুণত কান্দো মাজে মাজে,,,, কিন্তু কি জানা??জোনাক মই ভাল পাও চহৰৰ কঠিনতা মোৰ অপ্ৰিয়,,,, তোমাৰ কঠিনতম হৃদয়ত স্থান লোৱাৰ সমৰ্থ মোৰ নাই,,, "মৰম মানে নহয় সোনৰে কাৰেং ঘৰ ঐ ধুমুহা আহিলে নাথাকে সিও যে ৰৈ,,,,," চহৰীয়া বুলি গৌৰৱ নকৰিবা গাৱলীয়া বোৰো মানুহ সুখী হ'ব নোৱাৰিলে নাই তোমাৰ সুখেই মোৰ কাম্য সুখী হোৱা মাথো তুমি সুখী হোৱা,,,,,,!! MANASH HB

জীৱনৰ আশাবোৰ ।। অসমীয়া কবিতা ।। Assamese poem ।। Manash_hb

"জীৱনৰ আশাবোৰ" জীৱনৰ আশাবোৰ হেৰাই যোৱাৰ পথত স্মৃতিৰ ৰেল গাড়ী বোৰে খুন্দিয়াই যায় মাজে মাজে,,,, নিমিসতে চাৰখাৰ হয় সপোন বোৰ,,,, ধংস স্তূপৰ মাজত বিচাৰো মোৰ সপোন বোৰক,,,, আকাশে বতাহে বিয়পি পৰে সিহতৰ আৰ্তনাদ,,,,, হাকুতিয়াই হাকুতিয়াই বুটলো সিহতক,,,, সাবটি লও দুবাহুৰ মাজত,,, নিচুকণি গীত যোৰো সিহতৰ বাবে প্ৰায়ে,,, আৰু সিহত শান্ত হয়,,,, আকৌ ৰচিবলৈ লয় নতুন সপোন,,,,নতুন কবিতা,,, কিন্তু আজি সেই গীতবোৰো মৌন,,,,, আজি আকৌ চিৎকাৰ কৰি উঠিছে হৃদয়ে,,,,, গীত যুৰিবলৈ অসমৰ্থ মোৰ হৃদয়,,,,, নিথৰ আজি মোৰ কলমটোও,,,,, অপমৃতুৎ হৈছে তাৰ,,,,, ব্যাৰ্থ হৈছে শব্দবোৰো,,,, তুমি নাই নহয় সেইবাবেই,,,,,, এতিয়া কি কৰো কোৱা??? আত্মহত্যা,,,,,,??? নাই ইমান দুৰ্বল মানুহ মই নহয়,,,,, নিসংগতাৰ সতে খেলা স্বভাৱ মোৰ পুৰণি তথাপিও কান্দো মাজে মাজে,,,, তুমি নাই নহয় সেইবাবেই,,,, স্মৃতিৰ মোহনাত সপোনৰ সতে মিলি এবাৰ কোৱানা,,,, নাকান্দিবা,,,,, মই আছো সদায় তোমাৰ স'তে,,,,,,,,!!! MANASH HB

অমানিশাৰ অন্ধকাৰ ।। অসমীয়া কবিতা ।। Assamese poem ।। Manash_hb

।।অমানিশাৰ অন্ধকাৰ।। অমানিশাৰ অন্ধকাৰে ধিৰে ধিৰে আৱৰিছে মোৰ কলিজাৰ  সুৰুঙা বোৰ যিবোৰ সুৰুঙাৰে তোমাৰ উজ্বল মৰম বোৰ বৈ আহিছিল নিৰবচিন্নভাৱে মোৰ নিথৰ হৃদয়লৈ,,,, আৰু সিকাইছিল জীয়াই থকাৰ অৰ্থ,,,, মূল্যহীন জীৱনত বোৱাইছিল স্মৃতিৰ অমূল্য ঢল,,,,, আজি কোনোটো অচিন বাটত হেৰাই যোৱা সেই স্মৃতিবোৰত বিচাৰো তোমাৰ আকলোৱা মৰমবোৰৰ ভগ্নাৱশেষ,,,,,, ম্মৃতিৰ সেই ভগ্নাৱশেষ বোৰ আজি আকাশে বতাহে উৰিছে ধূলিকণা হৈ,,,, আৰু তাক বুটলিব গৈ ভাগৰি উভটিছো সেই একেই খিনি ঠাইটে,,,,, যিখিনি ঠাইত অকলশৰে  উচুপি ৰৈছিলো এদিন,,,,, তোমাৰ হাই হিলচ্ ৰ দপ্ দপনিয়ে চূৰ্ণ-বিচূৰ্ণ কৰিযোৱা মোৰ কাচঁৰ হৃদয়খনি লৈ,,,,, MANASH HB

ফটোবোৰ Delete কৰিব নকবা ।। Assamese poem ।। অসমীয়া কবিতা ।। Manash_hb

ফটোবোৰ delete কৰিব নকবা: ফটোবোৰ delete কৰিব নকবা,,, দলিয়াবলৈ নকবা স্মৃতিবোৰ,,,,, তুমিটো এদিন আতৰিবাই দীঘলীয়া উৰনীৰে তোমাক ধাকিব চাবলৈ হেপাঁহ এটা গজিব,,,,, পিছে চাবহে নোৱাৰিম মই,,,! আনৰ নামৰ সেন্দুৰেৰে তোমাৰ কপালত পশ্চিমৰ বেলিতি আৰু বেছি উজ্বল হৈ জ্বলিব,,,,, তুমি আতৰিবা তোমাৰ সতে আতৰিব মোৰ সমস্ত খিনি,,, ৰাস্তাৰ এটি কোনত চাই ৰম,,, তোমাৰ সুখী হৈ আতৰা হাঁহিটোক,,,!! বিদ্যা শপত তেতিয়াও বুকুখন সমানে বিষাব,,,,, সেউজীয়া মেখেলা চাদৰযোৰ যে মোৰ খুব প্ৰিয়,,,, সেইবোৰক এনেকৈয়ে থাকিবলৈ দিয়া ফটো বোৰ delete কৰিব নকবা,,,, দলিয়াব নকবা স্মৃতিবোৰ,,,!! MANASH HB

প্ৰথম প্ৰেমৰ কথাৰে ।। অসমীয়া কবিতা ।। Assamese poem ।। Manash hb

 "প্ৰথম প্ৰেমৰ কথাৰে" কবিতা মই ভাল নাপাইছিলো। লিখিবলৈও, আনকি পঢ়িবলেও।। স্কুলৰ দিনত কবিতা আছিল , মাথো বিৰক্তিকৰ। কিন্তু এদিন প্ৰেমত পৰিলো কবিতাৰ। প্ৰথমে সুখৰ, তাৰপাছত জীৱনৰ, আৰু লাহে লাহে প্ৰেমত পৰিলো নিঃসঙ্গতাৰ।। ভৱা নাছিলো চাল্লা, মইও এদিন কবিতা লিখিম। শান্তিপুৰৰ অশান্ত পথৰ দাঁতিত বহিম বুলি ভৱা নাছিলো বন্ধুত্বৰ ফিটিং পাৰ্টিত। মাথো,হাতত এটা হুইস্কী বটল লৈ চিঞৰি উঠিছিলো, চিয়েৰচ্,চিয়েৰচ্,চিয়েৰচ্...!! সময় সলনি হৈ যায়, নুবুজে সময়ে কাৰোৰে মনৰ ভাষা। কিমান ক'লো ,"দুভাগ কৰিব নিবিচাৰিবা, দুখন হৃদয়, দুটা মন, আৰু এক সঁচা প্ৰেমক।" কিন্তু কোনে বুজিব, আজি এই নিঃসঙ্গ শৰীৰটোক সঙ্গ দিব লগা হয়, দুটামান ৰজনীগন্ধাৰ টুকুৰাই।। কৈছোৱে চাগে আগতেও বহুবাৰ, মোৰ প্ৰথম প্ৰেম আছিল তেঁও। তেঁওৰ নামতে লিখিছিলো জীৱনৰ আদিপাঠ। প্ৰথম প্ৰেমৰ সেই স্বৰ্গীয় অনুভূতিত মই হৈ পৰিছিলো উন্মাদ।। তেঁওৰ প্ৰেমত পৰিয়েই জীৱনত প্ৰথমবাৰ কবিতা লিখিছিলো। তেঁওক ভালপোৱাৰ পাছতে ভালপাব শিকিলো নিজক, আতৰাব পাৰিলো জীৱনৰ কিছু মেতেকা নিজ দুহাতেৰে।। তেঁও প্ৰেমৰ সাগৰত ডুবি , লিখিবলৈও শিকিলো জ

যাযাবৰী কিছু অনুভৱ ।। অসমীয়া কবিতা ।। MANASH_HB

যাযাবৰী কিছু অনুভৱ কেতিয়াবা যাদুময় সংগীতৰ দুনিয়া খনত তোমাক বিচাৰি যাও কেতিয়াবা পাপন দাৰ গীতৰ মাজত আৰু কেতিয়াবা জুবিন দাৰ গীতৰ মাজত আৰু কেতিয়াবা নিজৰ শূন্য আকাশ খনৰ মাজত তোমাক বিচাৰিবলৈ উধাতু খায় দৌৰো সুদুৰত দেখা সেই ছাঁ তোক চিঞৰো কিয়বা নুশুনে??? তুমি তুমি লগা অনুভৱ এটি গজে বুকুৰ কোনোবা খিনিত লগে লগে নিশব্দ মোৰ আকাশত জোন তৰায় কান্দি উঠে . MANASH HB যেন মোক কিবা এটা কৈছে,,,, কিন্তু মই শুনা নাই মই বুজাও নাই,,,,, কাণখন পাটি শুনো হঠাৎ ধেৰেকনি এটাই জোকাৰি তোলে আৰু কয় মই হেনো সমৰ্থহীন এটা দুষ্ট দানৱ,,,,,,, আৰু মই মূৰ দুপিয়াও,,,,,!