।।অমানিশাৰ অন্ধকাৰ।।
অমানিশাৰ অন্ধকাৰে
ধিৰে ধিৰে আৱৰিছে
মোৰ কলিজাৰ
সুৰুঙা বোৰ
যিবোৰ সুৰুঙাৰে
তোমাৰ উজ্বল
মৰম বোৰ বৈ আহিছিল
নিৰবচিন্নভাৱে
মোৰ নিথৰ হৃদয়লৈ,,,,
আৰু সিকাইছিল
জীয়াই থকাৰ অৰ্থ,,,,
মূল্যহীন জীৱনত
বোৱাইছিল
স্মৃতিৰ অমূল্য
ঢল,,,,,
আজি কোনোটো অচিন বাটত
হেৰাই যোৱা
সেই স্মৃতিবোৰত
বিচাৰো
তোমাৰ আকলোৱা
মৰমবোৰৰ
ভগ্নাৱশেষ,,,,,,
ম্মৃতিৰ সেই
ভগ্নাৱশেষ বোৰ
আজি আকাশে বতাহে
উৰিছে
ধূলিকণা হৈ,,,,
আৰু তাক
বুটলিব গৈ
ভাগৰি উভটিছো
সেই একেই খিনি
ঠাইটে,,,,,
যিখিনি ঠাইত
অকলশৰে
উচুপি ৰৈছিলো এদিন,,,,,
তোমাৰ হাই হিলচ্ ৰ
দপ্ দপনিয়ে
চূৰ্ণ-বিচূৰ্ণ কৰিযোৱা
মোৰ কাচঁৰ
হৃদয়খনি লৈ,,,,,
MANASH HB |
Comments
Post a Comment