"প্ৰথম প্ৰেমৰ কথাৰে"
কবিতা মই ভাল নাপাইছিলো।
লিখিবলৈও, আনকি পঢ়িবলেও।।
স্কুলৰ দিনত কবিতা আছিল ,
মাথো বিৰক্তিকৰ।
কিন্তু এদিন প্ৰেমত পৰিলো কবিতাৰ।
প্ৰথমে সুখৰ, তাৰপাছত জীৱনৰ, আৰু
লাহে লাহে প্ৰেমত পৰিলো নিঃসঙ্গতাৰ।।
ভৱা নাছিলো চাল্লা,
মইও এদিন কবিতা লিখিম।
শান্তিপুৰৰ অশান্ত পথৰ দাঁতিত বহিম বুলি ভৱা নাছিলো বন্ধুত্বৰ ফিটিং পাৰ্টিত।
মাথো,হাতত এটা হুইস্কী বটল লৈ চিঞৰি উঠিছিলো,
চিয়েৰচ্,চিয়েৰচ্,চিয়েৰচ্...!!
সময় সলনি হৈ যায়,
নুবুজে সময়ে কাৰোৰে মনৰ ভাষা।
কিমান ক'লো ,"দুভাগ কৰিব নিবিচাৰিবা, দুখন হৃদয়, দুটা মন, আৰু এক সঁচা প্ৰেমক।"
কিন্তু কোনে বুজিব,
আজি এই নিঃসঙ্গ শৰীৰটোক সঙ্গ দিব লগা হয়,
দুটামান ৰজনীগন্ধাৰ টুকুৰাই।।
কৈছোৱে চাগে আগতেও বহুবাৰ,
মোৰ প্ৰথম প্ৰেম আছিল তেঁও।
তেঁওৰ নামতে লিখিছিলো জীৱনৰ আদিপাঠ।
প্ৰথম প্ৰেমৰ সেই স্বৰ্গীয় অনুভূতিত মই হৈ পৰিছিলো উন্মাদ।।
তেঁওৰ প্ৰেমত পৰিয়েই জীৱনত
প্ৰথমবাৰ কবিতা লিখিছিলো।
তেঁওক ভালপোৱাৰ পাছতে ভালপাব শিকিলো নিজক,
আতৰাব পাৰিলো জীৱনৰ কিছু মেতেকা নিজ দুহাতেৰে।।
তেঁও প্ৰেমৰ সাগৰত ডুবি ,
লিখিবলৈও শিকিলো জীৱনৰ কবিতা।
যেতিয়া তেঁওৰ নামকে জীৱন বুলি ভাৱি
বুকুৰ স্তৰে স্তৰে লিখিব খুজিলো,
তেতিয়াই তেঁও আতৰি গ'ল মোৰ জীবনৰ পৰা; বহুদুৰলৈ।।।
ক্ৰমশঃ হৈ পৰিলো নিঃসঙ্গ!
নিঃসঙ্গতাক আপোন কৰি,
লিখিবলৈ ল'লো নিঃসঙ্গতাৰ কবিতা।
আপোন হৈ পৰিলো নষ্ট পৃথিৱীখনৰ।
মাজে কবিতা লিখো (দুখৰ),
ট্ৰেজেডী ফালো ফেচবুক, ৱাটচ্এপৰ ষ্টেটাচত।
আৰু পি মাতাল হৈ উন্মত্তৰ মদিৰা,পাৰ কৰো সময়বোৰ।।
ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত দলিয়াই দিব বিচাৰো,
বিষাদৰ গজালিক।
কিন্তু তেঁও আজিও মোৰ শোণিতৰ ৰন্ধ্ৰে ৰন্ধ্ৰে,
আজিও তেঁও মোৰ মন মগজুতেই।।
°°°°°°°°°°°°°°°°°°°°°°°°°°°
Manash hb |
Comments
Post a Comment