Skip to main content

Posts

হঠাতে যদি মই নোহোৱা হৈ যাওঁ || Assamese poem || অসমীয়া কবিতা || Axomiya kobita || manashhb

"হঠাতে যদি মই নহোৱা হৈ যাওঁ" অসমীয়া কবিতা ||  Assamess poem   হঠাতে যদি মই নহোৱা হৈ যাওঁ মোৰ সপোনবোৰ ৰৈ যাব আধৰুৱা সপোন হৈ, মা' ৰ চকুত ৰৈ যাম চকুপানী হৈ, দেউতাৰো দুখবোৰ ৰৈ যাব জীৱন লগৰী হৈ, ভন্টি জনীয়ে কান্দি ৰব সদায় পদূলৈ চাই কিজানিবা তাইৰ মৰমৰ দাদাজন আহেই, বন্ধুবোৰৰ মাজত কেতিয়াবা মোৰ পাগলামী বোৰৰ কথা চলিব, কিন্তু কি হব মই যে এতিয়া আৰু নাই।।😢 📝 *মানস বৰ্মন* 16/01/2019 Manash HB Assamese poem অসমীয়া কবিতা Axomiya kobita
Recent posts

নৱবৰ্ষৰ শুভেচ্ছা || HAPPY NEW YEAR || 2019 || manashhb

নৱবৰ্ষৰৰ শুভেচ্ছা || HAPPY NEW YEAR 🎈 চাওঁতে চাওঁতে মৰমৰ 2018ক আমি বিদায় দিবৰে হল ৷ পাৰ হৈ অহা দিনত যদি মই কেতিয়াবা কিবা দুখ দিছিলো বন্ধু বুলি পাহৰি যাবা ৷৷😊      নতুন বছৰটিয়ে তোমালৈ লৈ আনক অনেক সুখৰ আৰু আনন্দৰ বতৰা ৷ দুখবোৰ আতৰি সুখেৰে ভৰি পৰক ৷ 🎈🎈       তোমাৰ মন মৰম চেনেহ আৰু সৎ চিন্তা ভাৱনাৰে পৰিপূৰ্ণ হৈ পৰক l 🎈🎈     যান্ত্ৰিকতাৰে ভৰা জীৱনত অনেক ব্যস্ততাৰ মাজতো মোৰ হৃদয়ে ৰে আজি মই তোমাক শুভেচ্ছা জনাইছো  কাৰণ তুমি মোৰ বন্ধু | আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তোমাৰ জীৱনৰ সপোনবোৰ এপাহ ৰক্ত গোলাপৰ দৰে উজ্জ্বলি উঠে |💕   টকা পইচা শেষ হৈ যাব,কিন্তু বন্ধুত্বৰ স্মৃতি চিৰযুগমীয়া হৈ থাকি যাব |🌹    ভগৱানক ধন্যবাদ যে এই দুদিনীয়া জীৱনটোত মোক তোমাৰ দৰে এজন বন্ধু দিলে | তোমাৰ বন্ধুত্বৰে মই আজীৱন চহকী | মোৰ জীৱনৰ কক্ষপথৰ লগৰী হোৱা বাবে তোমাক বহুত বহুত ধন্যবাদ | 🐾🐾     আমাৰ মাজত থকা মৰম-স্নেহ, মিলা-প্ৰীতি বোৰ আগলৈও এনেদৰেই থকাৰ আশাৰে তোমালৈ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা যাচিলো ৷৷৷       💐💐HAPPY💐💐                                             💐💐NEW💐💐  

তোমালৈ বুলি || Manashhb

★তোমালৈ বুলি তুমি মানেই ----------------------- পাহৰিব নোৱাৰা এফাকি কবিতা তুমি মানেই এটি কাহিনী।। ঐ চশমা পিন্ধা ছোৱালীজনী তুমি কোন মই নাজানিছিলোঁ অচিন দেশৰ পখিলা আছিলা তুমি, কেনেকৈ মোৰ হৃদয়ৰ মাজত সোমালা তাকো নাজানোঁ, তোমাৰ সেই চকুৰ চাৱনি সেই মিছিকিয়া হাঁহিটি সচাই ও বেয়াকৈ প্ৰেমত পৰি গৈছোঁ। কিন্তু তোমাক দেখাৰ পৰা এনে লাগিছে যেন..... আৰে, কি কৈ আছোঁ এইবোৰ..... পঢ়িব পৰা হ'লে তোমাৰ দুচকুৰ ভাষা.. ক'ম ক'ম বুলি ভবা কথাবোৰ.. জানো ৰৈ গ'লহেতেন? MANASH HB

চশমা পিন্ধা ছোৱালীজনী || manashhb

  চশমা পিন্ধা ছোৱালী জনী  চশমা পিন্ধা ছোৱালীজনী মোৰ সপোনৰ পৰীজনী মিলাবলে দুয়োৰে হিয়া খনি  আহিবানে তুমি ঘন কুঁৱলী ফালি? কুঁৱলীয়ে আবৰি ৰাখিছে  জোনাক জোনাক লগা আকাশ খনি, বহু আশা লৈ মই ৰৈ আছো জোনাকী আকাশৰ তলত, কুঁৱলীৰ পৰশ লৈ জোনাকীৰ সৈতে ধেমালি কৰি ॥ কেনেকৈ লগ পালো  গমকে নাপালোঁ। অচিনাকি হৈ আহিছিলা কব নোৱাৰাকৈ  আপোন হৈ গলা।  চশমা পিন্ধা ছোৱালী বাকীখিনি পিছলৈ.....                               📝MANASH HB

প্ৰিয়ংকা ৷৷ সেইদিনা সকলো শেষ হৈ যাব || axomiya kobita || manashhb

প্ৰিয়ংকা, তোমাক লৈয়ে জীৱনৰ কবিতা ৰচিছিলো আজি আৰু সেয়া নাই আধৰুৱা হৈ ৰৈ গ'ল তোমাৰ আৰু মোৰ  কিছুমান স্মৃতি যিবোৰ আজি মাথোঁ মোৰ হৃদয়ৰ ডায়েৰীত আবদ্ধ হৈ আছে, আৰু তাক লৈয়ে মই আজিও মই কবিতা ৰচো। তুমি মোৰ হবা নে নহোৱা নাজানো তুমি মোক আপোন বুলি ভাবা নে পৰ বুলি ভাবা নাজানোঁ কিন্তু এটা কথা মোৰ কবিতাত মাথোঁ তুমি থাকিবা, তুমি আতৰি গলেও তোমাৰ স্মৃতিবোৰ মোৰ কবিতাত থাকিবই তোমাক হেৰুৱাই পেলালেও মোৰ হৃদয় মোৰ লগতেই থাকিব। সেইদিনা সকলো হেৰাই যাব যিদিনা মই এই পৃথিৱীৰ পৰা হেৰাই যাম ।  MANASH HB

তই মোৰ কোন হয় ? || Axomiya kobita || অসমীয়া কবিতা || manashhb

তই মোৰ কোন হয়? 📝  প্ৰিয়ংকা  তই মোৰ কোনো নহয় তই মোৰ কোনোৱে নহয় তই মোৰ বুকুৰ ধপধপনি হে মাথোঁ । মৃত্যুৰ আগমুহুৰ্তলৈ তোৰ লগত থকা হেপাঁহ তোক ভালপাওঁ, বহুত ভালপাওঁ এবাৰ  দুবাৰ নহয় হেজাৰবাৰ চিঞঁৰি কবলৈ সাজু যে "তোক মই বহুত ভাল পাওঁ ধুন" । কেতিয়াবা আবেগিক হৈ বহুত নকবলগীয়া কথা কৈ পেলাওঁ বিশ্বাস কৰ সেইবোৰ মোৰ খং নহয় তোৰ প্ৰতি থকা অভিমান হে। অনুৰোধ মাথোঁ এটি মোৰ মোক আঘাত নিদিবি ।। MANASH HB

মোৰ মনে তাইক বিছাৰে ।। Assamese poem || Manash hb || axomiya kobita

"মোৰ মনে তাইক বিছাৰে" মোৰ মনে তাইক বিছাৰে কিন্তু তাই চাগে তোক বিছাৰে.... ঐ শুন কলিজাৰ টুকুৰা হয় তাই মোৰ সজতনে ৰাখিবি তাইক কান্দিব নিদিবি দুখ নিদিবি তাইক কেতিয়াও মনত বহুত হেপাহ আছিল জান'????? তাইক নিজৰ কৰিবলে কিন্তু তাইৰ মনতো চাগে হেপাহ আছে তোক পাবলে.......!!! সেয়েহে ভৰিৰে গছকি–মোহাৰি নিজৰ হেপাহ বোৰক তুলি দিছো তাইক তোৰ হাতত ঐ বন্ধু ক' সজতনে ৰাখিবি নে তাইক???? তাই ফোন কৰিছিল জান'???? তাইৰ প্ৰতিতো শব্দৰ মাজত বিলীন কৰি দিছিলো নিজকে আজি তাইৰ কথাত ৰহস্য লুকাই আছিল এনে লাগিছিল যে??? তাই তোকেই বিছাৰে মনে–প্ৰাণে!!!!! মোৰ কলিজাৰ টুকুৰাটিক....!! ভাঙিব নিদিবি বন্ধু সজতনে ৰাখিবি তাইক...!! দুখ নিদিবি কান্দিব নিদিবি...!! আৰু ইমান মৰম দিবি যাতে...!! মোৰ অকণ কথাও মনত নাথাকে তাইৰ তহত দুটা সুখী হ....!!! MANASH HB

গাৱঁলীয়া লৰা মই ।। Assamese poem ।। Manash_hb || axomiya kobita

"গাৱলীয়া ল'ৰা মই" গাৱলীয়া ল'ৰা মই নুবুজু চহৰৰ জটিলতা নাজানো চহৰৰ সভ্যতা কলিজাটি কোমল আছিল,,, নাছিল কংক্ৰিতৰ আৱৰন,,, তুমি আহিছিলা কলিজাত সাজ পিন্ধি কোমলতাৰ,,,, ৰঙীন হৃদয়েৰে আদৰিলো তোমাক সহজ সৰল ল'ৰা বাবে নিচিনিলো তোমাৰ সাজৰ আৰৰ ৰূপটো,,, নিচিনিলো তোমাৰ মুখাৰ আৰৰ মুখখন,,, তুমিযে মায়াবি আছিলা,,, চহৰৰ কংক্ৰিতেৰে আৱৰা,,, কঠিন কলিজাৰ গৰাকী,,, বুজাটো নাছিলো মই,,,, ভিক্ষাৰী মই,,, মৰমৰ ঘৰটোৰো চালখন ফুটা,,,, সেয়ে,,,, জোনাকৰ বৰষুণত কান্দো মাজে মাজে,,,, কিন্তু কি জানা??জোনাক মই ভাল পাও চহৰৰ কঠিনতা মোৰ অপ্ৰিয়,,,, তোমাৰ কঠিনতম হৃদয়ত স্থান লোৱাৰ সমৰ্থ মোৰ নাই,,, "মৰম মানে নহয় সোনৰে কাৰেং ঘৰ ঐ ধুমুহা আহিলে নাথাকে সিও যে ৰৈ,,,,," চহৰীয়া বুলি গৌৰৱ নকৰিবা গাৱলীয়া বোৰো মানুহ সুখী হ'ব নোৱাৰিলে নাই তোমাৰ সুখেই মোৰ কাম্য সুখী হোৱা মাথো তুমি সুখী হোৱা,,,,,,!! MANASH HB

জীৱনৰ আশাবোৰ ।। অসমীয়া কবিতা ।। Assamese poem ।। Manash_hb

"জীৱনৰ আশাবোৰ" জীৱনৰ আশাবোৰ হেৰাই যোৱাৰ পথত স্মৃতিৰ ৰেল গাড়ী বোৰে খুন্দিয়াই যায় মাজে মাজে,,,, নিমিসতে চাৰখাৰ হয় সপোন বোৰ,,,, ধংস স্তূপৰ মাজত বিচাৰো মোৰ সপোন বোৰক,,,, আকাশে বতাহে বিয়পি পৰে সিহতৰ আৰ্তনাদ,,,,, হাকুতিয়াই হাকুতিয়াই বুটলো সিহতক,,,, সাবটি লও দুবাহুৰ মাজত,,, নিচুকণি গীত যোৰো সিহতৰ বাবে প্ৰায়ে,,, আৰু সিহত শান্ত হয়,,,, আকৌ ৰচিবলৈ লয় নতুন সপোন,,,,নতুন কবিতা,,, কিন্তু আজি সেই গীতবোৰো মৌন,,,,, আজি আকৌ চিৎকাৰ কৰি উঠিছে হৃদয়ে,,,,, গীত যুৰিবলৈ অসমৰ্থ মোৰ হৃদয়,,,,, নিথৰ আজি মোৰ কলমটোও,,,,, অপমৃতুৎ হৈছে তাৰ,,,,, ব্যাৰ্থ হৈছে শব্দবোৰো,,,, তুমি নাই নহয় সেইবাবেই,,,,,, এতিয়া কি কৰো কোৱা??? আত্মহত্যা,,,,,,??? নাই ইমান দুৰ্বল মানুহ মই নহয়,,,,, নিসংগতাৰ সতে খেলা স্বভাৱ মোৰ পুৰণি তথাপিও কান্দো মাজে মাজে,,,, তুমি নাই নহয় সেইবাবেই,,,, স্মৃতিৰ মোহনাত সপোনৰ সতে মিলি এবাৰ কোৱানা,,,, নাকান্দিবা,,,,, মই আছো সদায় তোমাৰ স'তে,,,,,,,,!!! MANASH HB

অমানিশাৰ অন্ধকাৰ ।। অসমীয়া কবিতা ।। Assamese poem ।। Manash_hb

।।অমানিশাৰ অন্ধকাৰ।। অমানিশাৰ অন্ধকাৰে ধিৰে ধিৰে আৱৰিছে মোৰ কলিজাৰ  সুৰুঙা বোৰ যিবোৰ সুৰুঙাৰে তোমাৰ উজ্বল মৰম বোৰ বৈ আহিছিল নিৰবচিন্নভাৱে মোৰ নিথৰ হৃদয়লৈ,,,, আৰু সিকাইছিল জীয়াই থকাৰ অৰ্থ,,,, মূল্যহীন জীৱনত বোৱাইছিল স্মৃতিৰ অমূল্য ঢল,,,,, আজি কোনোটো অচিন বাটত হেৰাই যোৱা সেই স্মৃতিবোৰত বিচাৰো তোমাৰ আকলোৱা মৰমবোৰৰ ভগ্নাৱশেষ,,,,,, ম্মৃতিৰ সেই ভগ্নাৱশেষ বোৰ আজি আকাশে বতাহে উৰিছে ধূলিকণা হৈ,,,, আৰু তাক বুটলিব গৈ ভাগৰি উভটিছো সেই একেই খিনি ঠাইটে,,,,, যিখিনি ঠাইত অকলশৰে  উচুপি ৰৈছিলো এদিন,,,,, তোমাৰ হাই হিলচ্ ৰ দপ্ দপনিয়ে চূৰ্ণ-বিচূৰ্ণ কৰিযোৱা মোৰ কাচঁৰ হৃদয়খনি লৈ,,,,, MANASH HB

ফটোবোৰ Delete কৰিব নকবা ।। Assamese poem ।। অসমীয়া কবিতা ।। Manash_hb

ফটোবোৰ delete কৰিব নকবা: ফটোবোৰ delete কৰিব নকবা,,, দলিয়াবলৈ নকবা স্মৃতিবোৰ,,,,, তুমিটো এদিন আতৰিবাই দীঘলীয়া উৰনীৰে তোমাক ধাকিব চাবলৈ হেপাঁহ এটা গজিব,,,,, পিছে চাবহে নোৱাৰিম মই,,,! আনৰ নামৰ সেন্দুৰেৰে তোমাৰ কপালত পশ্চিমৰ বেলিতি আৰু বেছি উজ্বল হৈ জ্বলিব,,,,, তুমি আতৰিবা তোমাৰ সতে আতৰিব মোৰ সমস্ত খিনি,,, ৰাস্তাৰ এটি কোনত চাই ৰম,,, তোমাৰ সুখী হৈ আতৰা হাঁহিটোক,,,!! বিদ্যা শপত তেতিয়াও বুকুখন সমানে বিষাব,,,,, সেউজীয়া মেখেলা চাদৰযোৰ যে মোৰ খুব প্ৰিয়,,,, সেইবোৰক এনেকৈয়ে থাকিবলৈ দিয়া ফটো বোৰ delete কৰিব নকবা,,,, দলিয়াব নকবা স্মৃতিবোৰ,,,!! MANASH HB

প্ৰথম প্ৰেমৰ কথাৰে ।। অসমীয়া কবিতা ।। Assamese poem ।। Manash hb

 "প্ৰথম প্ৰেমৰ কথাৰে" কবিতা মই ভাল নাপাইছিলো। লিখিবলৈও, আনকি পঢ়িবলেও।। স্কুলৰ দিনত কবিতা আছিল , মাথো বিৰক্তিকৰ। কিন্তু এদিন প্ৰেমত পৰিলো কবিতাৰ। প্ৰথমে সুখৰ, তাৰপাছত জীৱনৰ, আৰু লাহে লাহে প্ৰেমত পৰিলো নিঃসঙ্গতাৰ।। ভৱা নাছিলো চাল্লা, মইও এদিন কবিতা লিখিম। শান্তিপুৰৰ অশান্ত পথৰ দাঁতিত বহিম বুলি ভৱা নাছিলো বন্ধুত্বৰ ফিটিং পাৰ্টিত। মাথো,হাতত এটা হুইস্কী বটল লৈ চিঞৰি উঠিছিলো, চিয়েৰচ্,চিয়েৰচ্,চিয়েৰচ্...!! সময় সলনি হৈ যায়, নুবুজে সময়ে কাৰোৰে মনৰ ভাষা। কিমান ক'লো ,"দুভাগ কৰিব নিবিচাৰিবা, দুখন হৃদয়, দুটা মন, আৰু এক সঁচা প্ৰেমক।" কিন্তু কোনে বুজিব, আজি এই নিঃসঙ্গ শৰীৰটোক সঙ্গ দিব লগা হয়, দুটামান ৰজনীগন্ধাৰ টুকুৰাই।। কৈছোৱে চাগে আগতেও বহুবাৰ, মোৰ প্ৰথম প্ৰেম আছিল তেঁও। তেঁওৰ নামতে লিখিছিলো জীৱনৰ আদিপাঠ। প্ৰথম প্ৰেমৰ সেই স্বৰ্গীয় অনুভূতিত মই হৈ পৰিছিলো উন্মাদ।। তেঁওৰ প্ৰেমত পৰিয়েই জীৱনত প্ৰথমবাৰ কবিতা লিখিছিলো। তেঁওক ভালপোৱাৰ পাছতে ভালপাব শিকিলো নিজক, আতৰাব পাৰিলো জীৱনৰ কিছু মেতেকা নিজ দুহাতেৰে।। তেঁও প্ৰেমৰ সাগৰত ডুবি , লিখিবলৈও শিকিলো জ

যাযাবৰী কিছু অনুভৱ ।। অসমীয়া কবিতা ।। MANASH_HB

যাযাবৰী কিছু অনুভৱ কেতিয়াবা যাদুময় সংগীতৰ দুনিয়া খনত তোমাক বিচাৰি যাও কেতিয়াবা পাপন দাৰ গীতৰ মাজত আৰু কেতিয়াবা জুবিন দাৰ গীতৰ মাজত আৰু কেতিয়াবা নিজৰ শূন্য আকাশ খনৰ মাজত তোমাক বিচাৰিবলৈ উধাতু খায় দৌৰো সুদুৰত দেখা সেই ছাঁ তোক চিঞৰো কিয়বা নুশুনে??? তুমি তুমি লগা অনুভৱ এটি গজে বুকুৰ কোনোবা খিনিত লগে লগে নিশব্দ মোৰ আকাশত জোন তৰায় কান্দি উঠে . MANASH HB যেন মোক কিবা এটা কৈছে,,,, কিন্তু মই শুনা নাই মই বুজাও নাই,,,,, কাণখন পাটি শুনো হঠাৎ ধেৰেকনি এটাই জোকাৰি তোলে আৰু কয় মই হেনো সমৰ্থহীন এটা দুষ্ট দানৱ,,,,,,, আৰু মই মূৰ দুপিয়াও,,,,,!