★তোমালৈ বুলি
তুমি মানেই
-----------------------
পাহৰিব নোৱাৰা এফাকি কবিতা
তুমি মানেই এটি কাহিনী।।
ঐ
চশমা পিন্ধা ছোৱালীজনী
তুমি কোন মই নাজানিছিলোঁ
অচিন দেশৰ পখিলা আছিলা তুমি,
কেনেকৈ মোৰ হৃদয়ৰ মাজত সোমালা
তাকো নাজানোঁ,
তোমাৰ সেই চকুৰ চাৱনি
সেই মিছিকিয়া হাঁহিটি
সচাই ও
বেয়াকৈ প্ৰেমত পৰি গৈছোঁ।
কিন্তু তোমাক দেখাৰ পৰা
এনে লাগিছে যেন.....
আৰে, কি কৈ আছোঁ এইবোৰ.....
পঢ়িব পৰা হ'লে তোমাৰ দুচকুৰ ভাষা..
ক'ম ক'ম বুলি ভবা কথাবোৰ..
জানো ৰৈ গ'লহেতেন?
MANASH HB |
Comments
Post a Comment