Skip to main content

গাৱঁলীয়া লৰা মই ।। Assamese poem ।। Manash_hb || axomiya kobita

"গাৱলীয়া ল'ৰা মই"


গাৱলীয়া ল'ৰা মই
নুবুজু চহৰৰ জটিলতা
নাজানো চহৰৰ সভ্যতা

কলিজাটি কোমল
আছিল,,,
নাছিল কংক্ৰিতৰ
আৱৰন,,,

তুমি আহিছিলা
কলিজাত
সাজ পিন্ধি
কোমলতাৰ,,,,

ৰঙীন হৃদয়েৰে
আদৰিলো তোমাক

সহজ সৰল ল'ৰা বাবে
নিচিনিলো তোমাৰ সাজৰ
আৰৰ ৰূপটো,,,

নিচিনিলো
তোমাৰ মুখাৰ আৰৰ
মুখখন,,,

তুমিযে মায়াবি আছিলা,,,
চহৰৰ কংক্ৰিতেৰে আৱৰা,,,
কঠিন কলিজাৰ গৰাকী,,,
বুজাটো নাছিলো মই,,,,

ভিক্ষাৰী মই,,,
মৰমৰ ঘৰটোৰো
চালখন ফুটা,,,,
সেয়ে,,,,
জোনাকৰ বৰষুণত কান্দো
মাজে মাজে,,,,

কিন্তু কি জানা??জোনাক মই ভাল পাও
চহৰৰ কঠিনতা মোৰ অপ্ৰিয়,,,,
তোমাৰ কঠিনতম হৃদয়ত
স্থান লোৱাৰ সমৰ্থ মোৰ নাই,,,
"মৰম মানে নহয়
সোনৰে কাৰেং ঘৰ ঐ
ধুমুহা আহিলে
নাথাকে সিও যে ৰৈ,,,,,"

চহৰীয়া বুলি
গৌৰৱ নকৰিবা
গাৱলীয়া বোৰো মানুহ

সুখী হ'ব নোৱাৰিলে নাই
তোমাৰ সুখেই মোৰ কাম্য
সুখী হোৱা মাথো
তুমি সুখী হোৱা,,,,,,!!

axomiya kobita || manash_hb || Assamese poem
MANASH HB

Comments

Popular posts from this blog

জীৱনৰ আশাবোৰ ।। অসমীয়া কবিতা ।। Assamese poem ।। Manash_hb

"জীৱনৰ আশাবোৰ" জীৱনৰ আশাবোৰ হেৰাই যোৱাৰ পথত স্মৃতিৰ ৰেল গাড়ী বোৰে খুন্দিয়াই যায় মাজে মাজে,,,, নিমিসতে চাৰখাৰ হয় সপোন বোৰ,,,, ধংস স্তূপৰ মাজত বিচাৰো মোৰ সপোন বোৰক,,,, আকাশে বতাহে বিয়পি পৰে সিহতৰ আৰ্তনাদ,,,,, হাকুতিয়াই হাকুতিয়াই বুটলো সিহতক,,,, সাবটি লও দুবাহুৰ মাজত,,, নিচুকণি গীত যোৰো সিহতৰ বাবে প্ৰায়ে,,, আৰু সিহত শান্ত হয়,,,, আকৌ ৰচিবলৈ লয় নতুন সপোন,,,,নতুন কবিতা,,, কিন্তু আজি সেই গীতবোৰো মৌন,,,,, আজি আকৌ চিৎকাৰ কৰি উঠিছে হৃদয়ে,,,,, গীত যুৰিবলৈ অসমৰ্থ মোৰ হৃদয়,,,,, নিথৰ আজি মোৰ কলমটোও,,,,, অপমৃতুৎ হৈছে তাৰ,,,,, ব্যাৰ্থ হৈছে শব্দবোৰো,,,, তুমি নাই নহয় সেইবাবেই,,,,,, এতিয়া কি কৰো কোৱা??? আত্মহত্যা,,,,,,??? নাই ইমান দুৰ্বল মানুহ মই নহয়,,,,, নিসংগতাৰ সতে খেলা স্বভাৱ মোৰ পুৰণি তথাপিও কান্দো মাজে মাজে,,,, তুমি নাই নহয় সেইবাবেই,,,, স্মৃতিৰ মোহনাত সপোনৰ সতে মিলি এবাৰ কোৱানা,,,, নাকান্দিবা,,,,, মই আছো সদায় তোমাৰ স'তে,,,,,,,,!!! MANASH HB

তোমালৈ বুলি || Manashhb

★তোমালৈ বুলি তুমি মানেই ----------------------- পাহৰিব নোৱাৰা এফাকি কবিতা তুমি মানেই এটি কাহিনী।। ঐ চশমা পিন্ধা ছোৱালীজনী তুমি কোন মই নাজানিছিলোঁ অচিন দেশৰ পখিলা আছিলা তুমি, কেনেকৈ মোৰ হৃদয়ৰ মাজত সোমালা তাকো নাজানোঁ, তোমাৰ সেই চকুৰ চাৱনি সেই মিছিকিয়া হাঁহিটি সচাই ও বেয়াকৈ প্ৰেমত পৰি গৈছোঁ। কিন্তু তোমাক দেখাৰ পৰা এনে লাগিছে যেন..... আৰে, কি কৈ আছোঁ এইবোৰ..... পঢ়িব পৰা হ'লে তোমাৰ দুচকুৰ ভাষা.. ক'ম ক'ম বুলি ভবা কথাবোৰ.. জানো ৰৈ গ'লহেতেন? MANASH HB

নৱবৰ্ষৰ শুভেচ্ছা || HAPPY NEW YEAR || 2019 || manashhb

নৱবৰ্ষৰৰ শুভেচ্ছা || HAPPY NEW YEAR 🎈 চাওঁতে চাওঁতে মৰমৰ 2018ক আমি বিদায় দিবৰে হল ৷ পাৰ হৈ অহা দিনত যদি মই কেতিয়াবা কিবা দুখ দিছিলো বন্ধু বুলি পাহৰি যাবা ৷৷😊      নতুন বছৰটিয়ে তোমালৈ লৈ আনক অনেক সুখৰ আৰু আনন্দৰ বতৰা ৷ দুখবোৰ আতৰি সুখেৰে ভৰি পৰক ৷ 🎈🎈       তোমাৰ মন মৰম চেনেহ আৰু সৎ চিন্তা ভাৱনাৰে পৰিপূৰ্ণ হৈ পৰক l 🎈🎈     যান্ত্ৰিকতাৰে ভৰা জীৱনত অনেক ব্যস্ততাৰ মাজতো মোৰ হৃদয়ে ৰে আজি মই তোমাক শুভেচ্ছা জনাইছো  কাৰণ তুমি মোৰ বন্ধু | আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তোমাৰ জীৱনৰ সপোনবোৰ এপাহ ৰক্ত গোলাপৰ দৰে উজ্জ্বলি উঠে |💕   টকা পইচা শেষ হৈ যাব,কিন্তু বন্ধুত্বৰ স্মৃতি চিৰযুগমীয়া হৈ থাকি যাব |🌹    ভগৱানক ধন্যবাদ যে এই দুদিনীয়া জীৱনটোত মোক তোমাৰ দৰে এজন বন্ধু দিলে | তোমাৰ বন্ধুত্বৰে মই আজীৱন চহকী | মোৰ জীৱনৰ কক্ষপথৰ লগৰী হোৱা বাবে তোমাক বহুত বহুত ধন্যবাদ | 🐾🐾     আমাৰ মাজত থকা মৰম-স্নেহ, মিলা-প্ৰীতি বোৰ আগলৈও এনেদৰেই থকাৰ আশাৰে তোমালৈ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা যাচিলো ৷৷৷       💐💐HAPPY💐💐                                             💐💐NEW💐💐