প্ৰিয়ংকা,
আজি আৰু সেয়া নাই
আধৰুৱা হৈ ৰৈ গ'ল
তোমাৰ আৰু মোৰ কিছুমান স্মৃতি
যিবোৰ আজি মাথোঁ মোৰ হৃদয়ৰ ডায়েৰীত
আবদ্ধ হৈ আছে,
আৰু তাক লৈয়ে মই আজিও মই কবিতা ৰচো।
তুমি মোৰ হবা নে নহোৱা নাজানো
তুমি মোক আপোন বুলি ভাবা নে
পৰ বুলি ভাবা নাজানোঁ
কিন্তু এটা কথা
মোৰ কবিতাত মাথোঁ তুমি থাকিবা,
তুমি আতৰি গলেও
তোমাৰ স্মৃতিবোৰ মোৰ কবিতাত থাকিবই
তোমাক হেৰুৱাই পেলালেও
মোৰ হৃদয় মোৰ লগতেই থাকিব।
সেইদিনা সকলো হেৰাই যাব
যিদিনা মই এই পৃথিৱীৰ পৰা হেৰাই যাম ।
MANASH HB |
Comments
Post a Comment