"জীৱনৰ আশাবোৰ" জীৱনৰ আশাবোৰ হেৰাই যোৱাৰ পথত স্মৃতিৰ ৰেল গাড়ী বোৰে খুন্দিয়াই যায় মাজে মাজে,,,, নিমিসতে চাৰখাৰ হয় সপোন বোৰ,,,, ধংস স্তূপৰ মাজত বিচাৰো মোৰ সপোন বোৰক,,,, আকাশে বতাহে বিয়পি পৰে সিহতৰ আৰ্তনাদ,,,,, হাকুতিয়াই হাকুতিয়াই বুটলো সিহতক,,,, সাবটি লও দুবাহুৰ মাজত,,, নিচুকণি গীত যোৰো সিহতৰ বাবে প্ৰায়ে,,, আৰু সিহত শান্ত হয়,,,, আকৌ ৰচিবলৈ লয় নতুন সপোন,,,,নতুন কবিতা,,, কিন্তু আজি সেই গীতবোৰো মৌন,,,,, আজি আকৌ চিৎকাৰ কৰি উঠিছে হৃদয়ে,,,,, গীত যুৰিবলৈ অসমৰ্থ মোৰ হৃদয়,,,,, নিথৰ আজি মোৰ কলমটোও,,,,, অপমৃতুৎ হৈছে তাৰ,,,,, ব্যাৰ্থ হৈছে শব্দবোৰো,,,, তুমি নাই নহয় সেইবাবেই,,,,,, এতিয়া কি কৰো কোৱা??? আত্মহত্যা,,,,,,??? নাই ইমান দুৰ্বল মানুহ মই নহয়,,,,, নিসংগতাৰ সতে খেলা স্বভাৱ মোৰ পুৰণি তথাপিও কান্দো মাজে মাজে,,,, তুমি নাই নহয় সেইবাবেই,,,, স্মৃতিৰ মোহনাত সপোনৰ সতে মিলি এবাৰ কোৱানা,,,, নাকান্দিবা,,,,, মই আছো সদায় তোমাৰ স'তে,,,,,,,,!!! MANASH HB
Comments
Post a Comment