"হঠাতে যদি মই নহোৱা হৈ যাওঁ"
অসমীয়া কবিতা || Assamess poem
হঠাতে যদি মই নহোৱা হৈ যাওঁ
মোৰ সপোনবোৰ
ৰৈ যাব আধৰুৱা সপোন হৈ,
মা' ৰ চকুত ৰৈ যাম
চকুপানী হৈ,
দেউতাৰো দুখবোৰ
ৰৈ যাব জীৱন লগৰী হৈ,
ভন্টি জনীয়ে
কান্দি ৰব সদায় পদূলৈ চাই
কিজানিবা তাইৰ মৰমৰ দাদাজন আহেই,
বন্ধুবোৰৰ মাজত কেতিয়াবা
মোৰ পাগলামী বোৰৰ কথা চলিব,
কিন্তু কি হব
মই যে এতিয়া আৰু নাই।।😢
📝 *মানস বৰ্মন*
16/01/2019
![]() |
Manash HB Assamese poem অসমীয়া কবিতা Axomiya kobita |
Click here For Red Assamese Poem, quotes, Story
ReplyDelete