"হঠাতে যদি মই নহোৱা হৈ যাওঁ" অসমীয়া কবিতা || Assamess poem হঠাতে যদি মই নহোৱা হৈ যাওঁ মোৰ সপোনবোৰ ৰৈ যাব আধৰুৱা সপোন হৈ, মা' ৰ চকুত ৰৈ যাম চকুপানী হৈ, দেউতাৰো দুখবোৰ ৰৈ যাব জীৱন লগৰী হৈ, ভন্টি জনীয়ে কান্দি ৰব সদায় পদূলৈ চাই কিজানিবা তাইৰ মৰমৰ দাদাজন আহেই, বন্ধুবোৰৰ মাজত কেতিয়াবা মোৰ পাগলামী বোৰৰ কথা চলিব, কিন্তু কি হব মই যে এতিয়া আৰু নাই।।😢 📝 *মানস বৰ্মন* 16/01/2019 Manash HB Assamese poem অসমীয়া কবিতা Axomiya kobita
নৱবৰ্ষৰৰ শুভেচ্ছা || HAPPY NEW YEAR 🎈 চাওঁতে চাওঁতে মৰমৰ 2018ক আমি বিদায় দিবৰে হল ৷ পাৰ হৈ অহা দিনত যদি মই কেতিয়াবা কিবা দুখ দিছিলো বন্ধু বুলি পাহৰি যাবা ৷৷😊 নতুন বছৰটিয়ে তোমালৈ লৈ আনক অনেক সুখৰ আৰু আনন্দৰ বতৰা ৷ দুখবোৰ আতৰি সুখেৰে ভৰি পৰক ৷ 🎈🎈 তোমাৰ মন মৰম চেনেহ আৰু সৎ চিন্তা ভাৱনাৰে পৰিপূৰ্ণ হৈ পৰক l 🎈🎈 যান্ত্ৰিকতাৰে ভৰা জীৱনত অনেক ব্যস্ততাৰ মাজতো মোৰ হৃদয়ে ৰে আজি মই তোমাক শুভেচ্ছা জনাইছো কাৰণ তুমি মোৰ বন্ধু | আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তোমাৰ জীৱনৰ সপোনবোৰ এপাহ ৰক্ত গোলাপৰ দৰে উজ্জ্বলি উঠে |💕 টকা পইচা শেষ হৈ যাব,কিন্তু বন্ধুত্বৰ স্মৃতি চিৰযুগমীয়া হৈ থাকি যাব |🌹 ভগৱানক ধন্যবাদ যে এই দুদিনীয়া জীৱনটোত মোক তোমাৰ দৰে এজন বন্ধু দিলে | তোমাৰ বন্ধুত্বৰে মই আজীৱন চহকী | মোৰ জীৱনৰ কক্ষপথৰ লগৰী হোৱা বাবে তোমাক বহুত বহুত ধন্যবাদ | 🐾🐾 আমাৰ মাজত থকা মৰম-স্নেহ, মিলা-প্ৰীতি বোৰ আগলৈও এনেদৰেই থকাৰ আশাৰে তোমালৈ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা যাচিলো ৷৷৷ 💐💐HAPPY💐💐 💐💐NEW💐💐